ৱেবেক মেচিন
| ছাইটৰ প্ৰকাৰ | আৰ্কাইভ (আৰ্কাইভ সংগ্ৰহাগাৰ) |
|---|---|
| প্ৰতিষ্ঠা |
|
| সেৱা অঞ্চল | বিশ্বজুৰি (চীন আৰু উত্তৰ কোৰিয়াৰ বাহিৰে) |
| মালিক | ইণ্টাৰনেট আৰ্কাইভ |
| ৱেবছাইট | |
| বাণিজ্যিক | নহয় |
| পঞ্জীয়ন | বৈকল্পিক |
| বৰ্তমান অৱস্থা | সক্ৰিয় |
| লিখিত ভাষা | HTML, CSS, JavaScript, Java, Python |
ৱেবেক মেচিন (ইংৰাজী: Wayback Machine) হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ এটা ডিজিটেল আৰ্কাইভ। ইয়াক কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত অৱস্থিত এটা আমেৰিকান অলাভকাৰী সংস্থা ইণ্টাৰনেট আৰ্কাইভে প্ৰতিষ্ঠা কৰিছিল। ২০০১ চনত সৰ্বসাধাৰণৰ ব্যৱহাৰৰ বাবে মুকলি কৰা এই সেৱাটোৱে ব্যৱহাৰকাৰীসকলক অতীতত ৱেবছাইটবোৰ কেনে দেখা গৈছিল তাক চাবলৈ "সময়ৰ পিছলৈ" যোৱাৰ সুবিধা প্ৰদান কৰে। প্ৰতিষ্ঠাপক ব্ৰুষ্টাৰ কাহলে আৰু ব্ৰুচ গ্লিয়াটে বিলুপ্ত হৈ যোৱা ৱেব পৃষ্ঠাসমূহ সংৰক্ষণ কৰি "সকলো জ্ঞানৰ সৰ্বজনীন প্ৰৱেশাধিকাৰ" প্ৰদান কৰাৰ উদ্দেশ্যে ৱেবেক মেচিনটো বিকশিত কৰিছিল।[1]
এই নামটো ১৯৬০ চনৰ এনিমেটেড কাৰ্টুন ৰকি এণ্ড বুলৱিংকল এণ্ড ফ্ৰেণ্ডচৰ একে নামৰ এটা কাল্পনিক সময় ভ্ৰমণ সঁজুলিৰপৰা লোৱা হৈছে।[2][3][4] এই কাৰ্টুনখনৰ "পিবডিজ ইমপ্ৰবেবল হিষ্ট্ৰী" নামৰ এটা খণ্ডত মিষ্টাৰ পিবডি আৰু শ্বেৰমেনে বিখ্যাত ঐতিহাসিক ঘটনাসমূহ প্ৰত্যক্ষ আৰু অংশগ্ৰহণ কৰিবলৈ "ৱেবেক মেচিন" ব্যৱহাৰ কৰি সময় ভ্ৰমণ কৰিছিল।[5]
ৱেবেক মেচিনৰ আটাইতকৈ পুৰণি সংগ্ৰহসমূহ কমেও ১৯৯৫ চনৰ পুৰণি। ২০০৯ চনৰ শেষৰফালে ইয়াত ৩৮.২ বিলিয়নতকৈও অধিক ৱেব পৃষ্ঠা সংৰক্ষণ কৰা হৈছিল। ২০০৫ চনৰ অক্টোবৰ মাহৰ তথ্য অনুসৰি, ৱেবেক মেচিনে ১ ট্ৰিলিয়নতকৈও অধিক ৱেব পৃষ্ঠা আৰু ৯৯ পেটাবাইটতকৈও অধিক ডাটা আৰ্কাইভ কৰিছে।[6][7]
ইতিহাস
[সম্পাদনা কৰক]ইণ্টাৰনেট আৰ্কাইভে কমেও ১৯৯৫ চনৰে পৰা কেশ্বড ৱেব পৃষ্ঠাসমূহ আৰ্কাইভ কৰি আহিছে। ইয়াৰ ভিতৰত আটাইতকৈ পুৰণি পৃষ্ঠাখন ১৯৯৫ চনৰ ১ মাৰ্চত সংৰক্ষণ কৰা হৈছিল।[8][9]
ইণ্টাৰনেট আৰ্কাইভৰ প্ৰতিষ্ঠাপক ব্ৰুষ্টাৰ কাহলে আৰু ব্ৰুচ গ্লিয়াটে ২০০১ চনৰ অক্টোবৰ মাহত কেলিফৰ্ণিয়াৰ চান ফ্ৰান্সিস্কোত ৱেববেক মেচিন সেৱাটো মুকলি কৰে।[10][11] মূলতঃ কোনো ৱেবছাইটৰ সমল পৰিৱৰ্তন হ’লে বা ৱেবছাইটটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ’লে তাৰ তথ্যসমূহ যাতে হেৰাই নাযায়, সেই সমস্যা দূৰ কৰিবলৈ এই সেৱা আৰম্ভ কৰা হৈছিল।[12][13] এই সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে সময়ৰ লগে লগে সলনি হোৱা ৱেব পৃষ্ঠাসমূহৰ পুৰণি সংস্কৰণবোৰ চাব পাৰে, যাক আৰ্কাইভে এটা ত্ৰিমাত্ৰিক সূচী বুলি অভিহিত কৰে।[14] কাহলে আৰু গ্লিয়াটে সমগ্ৰ ইণ্টাৰনেটক আৰ্কাইভ কৰাৰ আৰু সকলো জ্ঞানৰ সাৰ্বজনীন প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ আশাৰে এই মেচিনটো সৃষ্টি কৰিছিল।[15]
১৯৯৬ চনৰ পৰা ২০০১ চনলৈ এই তথ্যসমূহ ডিজিটেল টেবত সংৰক্ষণ কৰা হৈছিল। কাহলে মাজে-সময়ে গৱেষক আৰু বিজ্ঞানীসকলক এই জটিল তথ্যভঁৰাল ব্যৱহাৰ কৰাৰ অনুমতি দিছিল।[16] ২০০১ চনত যেতিয়া এই আৰ্কাইভৰ পঞ্চম বৰ্ষপূৰ্তি হৈছিল, তেতিয়া ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া, বাৰ্কলেত এক অনুষ্ঠানৰ জৰিয়তে ইয়াক সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হয়।[17] মুকলিৰ সময়ত ৱেববেক মেচিনত ইতিমধ্যে ১০ বিলিয়নতকৈও অধিক পৃষ্ঠা সংৰক্ষিত আছিল। এই তথ্যসমূহ ইণ্টাৰনেট আৰ্কাইভৰ বৃহৎ লিনাক্স নোড ক্লাষ্টাৰত সংৰক্ষণ কৰা হয়। ই মাজে-সময়ে ৱেবছাইটসমূহ পৰিদৰ্শন কৰি নতুন সংস্কৰণসমূহ আৰ্কাইভ কৰে। ইয়াৰ উপৰিও, যদি কোনো ৱেবছাইটে ৱেববেক মেচিনক ডাটা সংগ্ৰহ কৰাৰ অনুমতি দিয়ে, তেন্তে ব্যৱহাৰকাৰীয়ে অনুসন্ধান বাকচত ৱেবছাইটটোৰ URL টাইপ কৰি মেনুৱেলীও পৃষ্ঠা সংৰক্ষণ কৰিব পাৰে।[6]
ইণ্টাৰনেট আৰ্কাইভে ২০০৯ চনত ইয়াৰ কাষ্টমাইজড ষ্টৰেজ আৰ্কিটেকচাৰ চান অ’পেন ষ্টৰেজলৈ স্থানান্তৰ কৰে আৰু চান মাইক্ৰ’চিষ্টেমছৰ কেলিফৰ্ণিয়া কেম্পাছত থকা এটা চান মডুলাৰ ডাটা চেন্টৰত এটা নতুন ডাটা চেন্টৰ স্থাপন কৰে।[18]
২০১১ চনত ৱেববেক মেচিনৰ এটা নতুন আৰু উন্নত সংস্কৰণ ৰাজহুৱা পৰীক্ষণৰ বাবে উপলব্ধ কৰা হয়। ইয়াত এটা ইণ্টাৰফেচ আৰু আৰ্কাইভ কৰা সমলৰ এটা নতুন সূচী অন্তৰ্ভুক্ত আছিল। এই সংস্কৰণত সংগ্ৰহ কৰা পৃষ্ঠাবোৰ এটা কেলেণ্ডাৰ লেআউটত দেখা গৈছিল, য’ত থকা বৃত্তবোৰৰ আকাৰে প্ৰতিদিনৰ ডাটা সংগ্ৰহৰ সংখ্যা সূচাইছিল। অৱশ্যে ইয়াত কোনো উন্নত সন্ধান পৃষ্ঠা নাছিল।[19][20] সংগ্ৰহসমূহৰ মাজত সহজে অহা-যোৱা কৰিবলৈ এটা ওপৰৰ টুলবাৰ যোগ কৰা হৈছিল আৰু এটা বাৰ চাৰ্টৰ জৰিয়তে বছৰ বছৰ ধৰি প্ৰতি মাহে সংগ্ৰহ কৰা তথ্যৰ সংখ্যা দেখুওৱা হৈছিল।[21] পৰৱৰ্তী সময়ত "পৰিৱৰ্তন", "সাৰাংশ" আৰু এটা গ্ৰাফিকেল ছাইট মেপৰ দৰে সুবিধাসমূহ যোগ কৰা হ��়।
২০১৩ চনৰ অক্টোবৰ মাহত ৱেববেক মেচিনে "চেভ পেজ নাও" নামৰ সুবিধাটো প্ৰৱৰ্তন কৰে। ইয়াৰ জৰিয়তে যিকোনো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে এটা URL-ৰ সমল আৰ্কাইভ কৰিব পাৰে আৰু ই পূৰ্বৰ সুবিধাৰ বিপৰীতে অতি সোনকালে এটা স্থায়ী লিংক সৃষ্টি কৰি দিয়ে।[22]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kahle, Brewster (November 23, 2005). "Universal Access to all Knowledge". ইণ্টাৰনেট আৰ্কাইভ. https://archive.org/details/SDForumBK। আহৰণ কৰা হৈছে: June 5, 2022.
- ↑ Green, Heather (February 28, 2002). "A Library as Big as the World". BusinessWeek. http://www.businessweek.com/technology/content/feb2002/tc20020228_1080.htm.
- ↑ Tong, Judy (September 8, 2002). "Responsible Party – Brewster Kahle; A Library Of the Web, On the Web". The New York Times. https://www.nytimes.com/2002/09/08/business/responsible-party-brewster-kahle-a-library-of-the-web-on-the-web.html.
- ↑ Scott, Keith (2000). The Moose that Roared: The Story of Jay Ward, Bill Scott, a Flying Squirrel, and a Talking Moose. St. Martin's Press. আই.এচ.বি.এন. 0-312-19922-8.
- ↑ Markstein, Don. "Toonopedia: Peabody's Improbable History". Toonpedia.com. https://www.toonopedia.com/peabody.htm। আহৰণ কৰা হৈছে: November 7, 2024.
- 1 2 "Wayback Machine (main page)". The Internet Archive. https://archive.org.
- ↑ Kahle, Brewster. "A Message from Internet Archive Founder, Brewster Kahle". Internet Archive. https://archive.org/donate। আহৰণ কৰা হৈছে: January 10, 2024.
- ↑ "Wayback Machine snapshot of the page 'BBC web server page'". ৱেববেক মেচিন. ইণ্টাৰনেট আৰ্কাইভ. March 1, 1995. https://archive.org। আহৰণ কৰা হৈছে: Feb 23, 2026.
- ↑ "Internet Archive Forums: What is the oldest page on the Wayback Machine?". archive.org. https://archive.org। আহৰণ কৰা হৈছে: 2026-02-23.
- ↑ Menn, Joseph (2001-10-25). "Net Archive Turns Back 10 Billion Pages of Time" (en-US ভাষাত). Los Angeles Times. https://latimes.com। আহৰণ কৰা হৈছে: 2026-02-23.
- ↑ Gomes, Daniel; Demidova, Elena; Winters, Jane; Risse, Thomas (2021-06-30) (en ভাষাত). The Past Web: Exploring Web Archives. Springer Nature. পৃষ্ঠা. 13. ISBN 978-3-030-63291-5. https://google.com.
- ↑ Notess, Greg R. (March–April 2002). "The Wayback Machine: The Web's Archive". Online খণ্ড 26: 59–61. সাঁচ:INIST.
- ↑ Hoffman, Allan (2001-12-03). "'Wayback Machine' shows Internet as it was". The Republican: পৃষ্ঠা 20. https://newspapers.com.
- ↑ "Frequently Asked Questions: The Wayback Machine". https://archive.org। আহৰণ কৰা হৈছে: September 18, 2018.
- ↑ Gonzalez, John (October 25, 2016). "20,000 Hard Drives on a Mission". Internet Archive Blogs. https://archive.org। আহৰণ কৰা হৈছে: October 15, 2018.
- ↑ Cook, John (November 1, 2001). "Web site takes you way back in Internet history". Seattle Post-Intelligencer. http://seattlepi.com.
- ↑ Mayfield, Kendra (October 28, 2001). "Wayback Goes Way Back on Web". Wired. https://wired.com। আহৰণ কৰা হৈছে: October 16, 2017.
- ↑ "Internet Archive and Sun Microsystems Create Living History of the Internet". Sun Microsystems. March 25, 2009. http://sun.com। আহৰণ কৰা হৈছে: March 27, 2009.
- ↑ gojomo (January 24, 2011). "Updated Wayback Machine in Beta Testing". http://wordpress.com। আহৰণ কৰা হৈছে: August 19, 2011.
- ↑ "Advanced Search". Wayback Machine. https://archive.orgcollections/web/advanced.html। আহৰণ কৰা হৈছে: April 3, 2022.
- ↑ "What's the difference between the classic Wayback Machine and the new Beta version?". Wayback Machine Beta FAQs. December 21, 2010. http://waybackmachine.org। আহৰণ কৰা হৈছে: November 17, 2021.
- ↑ Rossi, Alexis (October 25, 2013). "Fixing Broken Links on the Internet". প্ৰকাশক San Francisco, CA, US: Collections Team, the Internet ArchiveInternet Archive Blogs. https://archive.org.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ' প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
- Internet history is fragile. This archive is making sure it doesn't disappear. PBS Newshour. Archived from the original on January 6, 2022. Retrieved November 5, 2024. Unknown parameter
|url-status=ignored (help)